নিউজ ডেস্ক: অসম জাতীয় পৰিষদে ভাৰতৰত্ন গোপীনাথ বৰদলৈ বিমানবন্দৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে | চৰকাৰে ব্যক্তিগত খন্ডক বিমান বন্দৰ গটাই দিয়া নিৰ্দেশ প্রত্যাহাৰ কৰাৰ বাবে দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷
বিমান বন্দৰৰ সন্মুখত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়ে | আৰক্ষীৰ বাধাৰ বাবে বিমান বন্দৰৰ আন্দোলনৰ স্থান সলনি কৰিবলৈ বাধ্য হয় ৷
প্ৰতিবাদী সমদলটো ফ্লাই অভাৰৰ ভি আই পি পইন্টৰ সলনি বিমান বন্দৰ সংলগ্ন হৰ্ছ ফিল্ডৰ পৰা আৰম্ভ কৰে ৷ প্ৰতিবাদী অসম জাতীয় পৰিষদৰ ফালৰ পৰা এয়াৰ প’ৰ্ট অথৰিটীলৈ এখন স্মাৰক পত্ৰ দাখিল কৰে ৷