গুৱাহাটী – বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱৰ সোমবাৰে নিশা গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটিছে। উল্লেখ্য যে বিশিষ্ট অৰ্থনীতিবিদগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। নিশা ১২বাজি ২মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

উত্তৰ পূব বিত্তীয় উন্নয়ন নিগম চমুকৈ নেডফিৰো প্ৰতিষ্ঠাপক আছিল ড. জয়ন্ত মাধৱ।

১৯২৯চনৰ ২৫ অক্টোবৰত জন্ম গ্ৰহণ কৰা ড০ জয়ন্ত মাধৱৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯১বছৰ।

ড০ মাধৱে যোৰহাটৰ জে বি কলেজৰ পৰা অৰ্থনীতিত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।

ইয়াৰ পাছতে তেওঁ লণ্ডন স্কুল অৱ ইক’নমিকছৰ পৰা ফাইনেন্সিয়েল মেনেজমেন্টত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

শিক্ষা জীৱন সাং কৰি ড০ মাধৱে দুবছৰমান কলকাতা মেট্ৰ’পলিটান ডেভেলপমেন্ট কৰ্পোৰেশ্যনৰ বিত্তীয় উপদেষ্টা কাম কৰাৰ পাছত এছিয়ান ডেভেলপমেন্ট বেংকৰ ডাইৰেক্টৰ হিচাপে মেনিলাৰ মুখ্য কাৰ্যালয়ত যোগদান কৰে।

ড০ জয়ন্ত মাধৱে ২০০৩চনৰ পৰা ২০০৯চনলৈ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৰ্থনৈতিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply