গুৱাহাটী:- ৰাজ্য চৰকাৰে প্ৰবৰ্তন কৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা ২০২০ প্ৰদান কৰে অসমৰ বিশিষ্ট পণ্ডিত, গৱেষক, অধ্যাপক ভৱপ্ৰসাদ চলিহাক | অসমীয়া, ইংৰাজী আৰু সংস্কৃত এই তিনিওটা ভাষাতে সমানে বুৎপত্তিসম্পন্ন অধ্যাপক ভৱ প্ৰসাদ চলিহাৰ বিভিন্ন গ্ৰন্থৰাজিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জীৱন দৰ্শন, কৰ্মৰাজি তথা ব্যাপক সাংস্কৃতিক–সামাজিক অৱদানক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সঠিকভাৱে উপস্থাপন কৰাত বিশেষ অৰিহণা যোগাই আহিছে | এই গৰাকী মহান ব্যক্তিক শ্ৰীমন্ত শংকৰদেৱ বঁটা ২০২০ প্ৰদান কৰে ৰাজ্য চৰকাৰে |

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত দেওবাৰে ভৱ প্ৰসাদ চলিহাক প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ বটা ২০২০। বিশিষ্ট পণ্ডিত, গৱেষক ভৱ প্ৰসাদ চলিহাৰ অসুষ্ঠতাৰ বাবে উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ পত্নী নন্দিতা চলিহাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা গ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা ২০২০।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিৱ পৱন কুমাৰ বৰঠাকুৰ আৰু মুখ্য সচিৱ জিষ্ণু বৰুৱা উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply