গুৱাহাটী– বিশিষ্ট সাহিত্যক য়েছে দৰজে ঠংচিলৈ চলিত বৰ্ষৰ অসম চৰকাৰৰ চ্যুকাফা বঁটা আগবঢ়োৱা হৈছে। মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২ ডিচেম্বৰত মৰানত অনুষ্ঠিত হ’বলগীয়া অসম দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব।
২০১১ চনৰ পৰা অসম চৰকাৰৰ সাংস্কৃতি মন্ত্ৰ্যালয়ে প্ৰতি তিনিবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি আহিছে।এই বঁটাত আছে নগদ তিনি লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ ,এখন অংগ বস্ত্ৰ।
২০০৫ চনত ‘মৌণ ওঠৰ মুখৰ হৃদয়’ উপন্য়াসৰ বাবে তেওঁ সাহিত্য় একাডেমী বঁটা লাভ কৰিছিল।
সাহিত্যক গৰাকীক অসম উপত্যকা সাহিত্য বঁটা, কলাগুৰু বিষ্ণুৰাভা বঁটা আদিৰেও সন্মানিত কৰা হৈছে।
২০২০ চনত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাও আগবঢ়োৱা হৈছিল।