বিশ্বনাথত অনুষ্ঠিত হ'ব বৃহৎ শ্ৰমিক সমাবেশ

বিশ্বনাথ – বিশ্বনাথত অনুষ্ঠিত হ’ব বৃহৎ শ্ৰমিক সমাবেশ। শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত অনুষ্ঠিত হ’ব বৃহৎ শ্ৰমিক সমাবেশ। প্ৰায় ৫০,০০০ হেজাৰ চাহ শ্ৰমিকে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।

চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বিভিন্ন সময়ত চাহ শ্ৰমিক সকলে প্ৰতিবাদী কাৰ্যসূচী চলাই থকাৰ মাজতে এইবাৰ বৃহৎ শ্ৰমিক সমাবেশ অনুষ্ঠিত কৰিব শ্ৰমিক সকলে। ইতিমধ্যে নতুন বৰ্ষৰ আৰাম্ভণিৰ লগে লগে শ্রমিক সকলে তেওঁলোকৰ সমস্যা সমূহৰ সমাধনাৰ দাবীত আৰাম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

অসম চাহ মজদুৰ সংঘৰ উদ্যোগত শ্ৰমিক সকলৰ সমস্যা সমূহৰ সমাধানৰ দাবীত ৰাজ্যত অনুষ্ঠিত হ’ব এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। শ্ৰমিক সকলৰ ১১ দফীয়া দাবী সম্বলিত অসমৰ তিনিটাকৈ স্থানত অনুষ্ঠিত হ’ব “শ্ৰমিক গৰ্জন” কাৰ্যসূচী। অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰূপেছ গোৱালাই জানিবলৈ দিয়ে এই কথা।

অসমৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ প্ৰায় ১০৬ টা জাতি-উপজাতিৰ সকলোকে তৎকালীনভাৱে জনজাতিৰকৰণৰ ব্যৱস্থা কৰা, অসমৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলে ভোগদখল কৰি থকা ভূমিৰ ভূমি পট্টা প্ৰদানৰ লগতে ভূমিহীন লোকসকলক পট্টাসহ মাটি আৱন্টন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ চাহ জনগোষ্ঠী আদিবাসী শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক চৰকাৰী চাকৰিত যোগ্যতা অনুসৰি অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তিৰ ব্যৱস্থা কৰা, অসম চাহ নিগমৰ অন্তৰ্গত থকা ১৪ খন চাহ বাগিচা পুণৰ উজ্জীৱিত কৰা আদিকে কেন্দ্ৰ কৰি ১১ টা দাবী লৈ অসমৰ চাহ মজদুৰ সংঘৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বৃহৎ শ্ৰমিক সমাবেশৰ কথা জানিবলৈ দিয়ে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰূপেছ গোৱালাই।

এই বৃহৎ শ্ৰমিক সমাবেশ কাৰ্যসূচীত উত্তৰ অসমৰ প্ৰায় ৫০,০০০ হেজাৰ চাহ শ্ৰমিকে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও জানিবলৈ দিয়ে ৰূপেছ গোৱালাই। বিশ্বনাথ চাৰিআলিস্থিত চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰূপেছ গোৱালাই এক সংবাদ মেল অনুষ্ঠিত কৰি বৃহৎ শ্ৰমিক সমাবেশ কাৰ্যসূচী সম্পৰ্কে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply