বিশ্বনাথ – বিশ্বনাথত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ আহব্বান মৰ্মে দেওবাৰে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত “কা” বাতিল, পাৰিবেশিক প্ৰভাৱ নিৰূপন অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু অসম চুক্তি অনুসৰি জলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত “কা” প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদি গ’ বেক, অমিত শ্বাহৰ দাদাগিৰি নচলিব, সৰ্বানন্দ সোনোৱাল হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, হিমন্তৰ দম্ভালী নচলিব, পুলিচৰ দমন নীতি বন্ধ কৰক, কা’ বাতিল কৰিবই লাগিব, ই আই এ বাতিল কৰক, অমিত শ্বাহ হুছিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তুলে।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতা ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, আজমত শ্বেখ, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাষ্কৰ চমুৱা, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সূৰজ ভূঞা, সম্পাদক লক্ষ্যজিত হাজৰিকাকে ধৰি আছুৰ বিভিন্ন বিষয়ববীয়া সকল।
আছু কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে বিশ্বনাথৰ আৰক্ষী উপস্থিত হৈ প্ৰতিবাদ কাৰী সকলক নিয়ন্ত্ৰন কৰি প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰি আৰক্ষী থানালৈ এখন বাছত তুলি লৈ যায় আৰক্ষীয়ে।