বিশ্বনাথত পথ দূৰ্ঘটনা,উত্তেজিত ৰাইজে ভাঙিলে বাছ

বিশ্বনাথ-বিশ্বনাথৰ মাদুৰালীত ভয়াৱহ পথ দূৰ্ঘটনা । ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিকসকলৰ নূন্যতম মজুৰি নিদ্ধাৰণৰ লগতে সংঘৰ ১১ দফীয়া দাবীত বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত খেলপথাৰত হোৱা শ্ৰমিক গৰ্জন কাৰ্যসূচীত অংশ লৈ উভতি যোৱা বাছখন দূৰ্ঘটনাগ্ৰস্থ হয় |

প্ৰতিবাদকাৰীক লৈ উভতি অহা তীব্ৰবেগী বাছখনে পথত স্কুলীয়া ছাত্ৰক মহতিয়াই লৈ যায় | দৈনিক লখিমপুৰৰ পৰা তেজপুৰলৈ যাত্রা কৰা টুক টুক নামৰ আল্ট্ৰা বাছ খনে কনমানী ছাত্ৰজনক মহতীয়াই লৈ যোৱা ঘটনাক লৈ স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে । স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ লগতে বাছখন ভাঙি চুৰমাৰ কৰে । পৰিস্থিতি নিয়ন্ত্ৰনৰ কাৰণে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ। বাছখনৰ নম্বৰ AS 07C 7889 ৷ পৰিস্থিতি উতপ্ত হৈ আছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply