প্ৰতিনিধিত্বমূলক ফটো

বিশ্বনাথ– বিশ্বনাথ জিলাত অজলা সুঁতিত পানীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ। শনিবাৰে পুৱাই মাছ মৰীয়াই মাছ মাৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে মৃতদেহটো। লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।

প্ৰাপ্ত তথ্য অনুসৰি গড়েহাগি গাঁৱৰ বাসিন্দা মঞ্জিত ৰাজখোৱা যোৱা বৃহস্পতিবাৰে পুৱাৰে পৰা নিজ বাসগৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল। বিগত তিনিদিনে লোকজনক বিচাৰ খোচাৰ কৰিও পৰিয়ালৰ লোকে কোনো সন্ধান লাভ কৰা নাছিল।

স্থানীয় লোক আৰু আৰক্ষীয়ে মৃতদেহটো মঞ্জিত ৰাজখোৱাৰে বুলি সন্দেহ কৰিছে। মৃত্যুৰ সঠিক কাৰন এতিয়াও জানিব পৰা যোৱা নাই। পৰবৰ্ত্তী সময়ত মৰোনোত্তৰ পৰীক্ষাৰ পিছতহে ওলাব মৃত্যুৰ প্ৰকৃত ৰহস্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply