বিশ্বনাথ – বিশ্বনাথত পুনৰ বনৰীয়া ম’হৰ আক্ৰমণত নিহত এজন। শুকুৰবাৰে বনৰীয়া ম’হৰ আক্ৰমণত নিহিত হয় শুকুৰ আলী নামৰ এজন লোক। বনৰীয়া ম’হৰ আক্ৰমণত আহত হয় মহিলাসহ মুঠ তিনিজনকৈ লোক। বন বিভাগে গুলীয়াই হত্যা কৰে ম’হটোক।
বিশ্বনাথত বনৰীয়া ম’হৰ আক্ৰমণত যোৱা দুদিনত দুজনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে তিনিজনকৈ লোক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া ম’হে বিশ্বনাথ চাৰিআলিত যোৱা দুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি দুজনকৈ লোকক আক্ৰমণ কৰি হত্যা কৰিছে। বৃহস্পতিবাৰে বনৰীয়া ম’হটোৰ আক্ৰমণত নিহত হৈছিল জয়ন্ত দাস নামৰ এজন লোক। শুকুৰবাৰে পুৱাৰ ভাগত পুনৰ বনৰীয়া ম’হটোৱে শুকুৰ আলী নামৰ এজন লোকক হত্যা কৰাৰ লগতে আহত কৰে মহিদুল ইছলাম, সমত্ত ভানু নামৰ এগৰাকী মহিলা আৰু বুলবুল হুছেইন নামৰ এটা ৬ বছৰীয়া শিশুক।
বনৰীয়া ম’হৰ আক্ৰমণত আহত সকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও সমত্ত ভানু নামৰ মহিলা গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া ম’হটোৰ আক্ৰমণত জয়ন্ত দাস নামৰ লোকজন নিহত হোৱাৰ পিছতে ৰাইজ ক্ষোভিত হৈ পৰিছিল। ক্ষোভিত ৰাইজে বিশ্বনাথঘাটৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ কেন্দ্ৰীয় বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড কৰি বন বিভাগৰ এখন বলেৰ গাড়ীৰ লগতে অগ্নি সংযোগ কৰিছিল কাৰ্যালয়টোত।
শুকুৰবাৰে পুনৰ বনৰীয়া ম’হটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰাত বন বিভাগে বনৰীয়া ম’হটোক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায়। অৱশেষত বনৰীয়া ম’হটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰি বন বিভাগৰ লোকে ১ নং আদাভেটিত এখন পথাৰত বনৰীয়া ম’হটোক গুলীয়াই হত্যা কৰে। বন বিভাগে ১৬ জাই গুলী চালনা কৰি ম’হটো হত্যা কৰে। ম’হটো নিহত হোৱাৰ পিছত বিশ্বনাথৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে।
ইফালে পুণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া জন্তু ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে ইয়াৰ বাবে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ৰাইজে বনৰীয়া ম’হটোৰ আক্ৰমণত নিহত হোৱা জয়ন্ত দাস আৰু শুকুৰ আলীৰ পৰিয়ালক ক্ষতিপুৰণ প্ৰদান কৰাৰ বাবেও দাবী জনাইছে।