বিশ্বনাথ: ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ভোগালীৰ আনন্দ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে ৷ অসমীয়া সমাজৰ সমান্তৰালকৈ আন আন জনগোষ্ঠীৰ লগতে বড়ো সমাজেও ভোগালী বিহুৰ আয়োজন কৰিছে ৷ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈছে এই বড়ো সমাজ |

বিগত বৰ্ষ সমূহৰ দৰেই ভোগালীক আদৰাৰ প্ৰস্তুতি চলাই আছে বিশ্বনাথ চাৰিআলিৰ হাইডাবাৰী বড়ো গাৱৰ ৰাইজে ৷ অসমীয়া, বড়ো, আদিবাসী সকলোৱে মিলি অঞ্চলটোত প্ৰতিবছৰে বিহু উদযাপন কৰি আহিছে আৰু এইবেলিও এটা তিনি মহলীয়া ভেলাঘৰ নিৰ্মানৰ কাম চলাই আছে বড়ো ৰাইজে ৷ গাৱৰ ডেকা সকল ভেলাঘৰ নিৰ্মানৰ কামত ব্যস্ত থকাৰ সমান্তৰালকৈ যুৱতী সকলো পৰম্পৰাগত সাজ পাৰ পিন্ধি ওলাই আহিছে ভেলাঘৰলৈ ৷

বিশ্বনাথত বড়ো সমাজৰ আয়োজন ভোগালী বিহুৰ

কাইলৈ বিহুৰ উৰুকা আৰু উৰুকাৰ নিশা ভেলাঘৰটোতে সকলোৱে মিলি ভোজভাতৰ আয়োজন কৰিছে ৷ ইতিমধ্যে ভেলাঘৰ নিৰ্মান আৰম্ভ কৰা দিনটোৰে পৰা ভোজ ভাত আৰম্ভ হোৱা অঞ্চলটোৰ ৰাইজে নাছি বাগি ভোগালীৰ আনন্দত মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ ডেকা, বুঢ়া , কনমানি সকলোৱে বাগৰুম্বাৰ তালে তালে নাছি বাগি এতিয়া ভোগালীৰ আনন্দত আত্মহাৰা হৈ পৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply