বিশ্বনাথৰ আদালতে ফাঁচিৰ নিৰ্দেশ নিৰ্দেশ দিলে বলাৎকাৰী মংগল পাইকক

বিশ্বনাথ:-বিশ্বনাথত দুবছৰৰ আগতে কণমানী শিশু এটিক বলৎকাৰ কৰা ঘটনাত দোষী সাব্যস্ত কৰি ফাঁচি নিৰ্দেশ দিছে আদালতে | বিশ্বনাথ চাৰিআলি ছেচন আদালতে শিশু বলৎকাৰী মংগল পাইকক ফাঁচিৰ আদেশ দিয়ে |

২০১৮ চনত মংগল পাইকে বলাৎকাৰ কৰি এটি ৩ বছৰীয়া শিশুক হত্যা কৰিছিল ৷ এই সন্দৰ্ভত চতিয়া থানাত ২০৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু হৈছিল ৷ আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগ মৰ্মে শোণিতপুৰৰ লখৰা বুঢ়াগাৱৰ মঙ্গল পাইক আহিছিল আলহি খাবলৈ বিশ্বনাথৰ দিকৰাই চাহ বাগিছালৈ ৷ আলহিৰ ঘৰত থকা সময়তে সেই পৰিয়ালৰ কনমানীটোক বলাৎকাৰ কৰিছিল মঙ্গলে ৷ ইয়াৰ পিছত সেই কনমানীটোক হত্যা কৰি লুকুৱাই ৰখাৰো অভিযোগ আছিল | অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ দিপাংকৰ বৰাৰ আদালতে ৩৭৬ (A) আৰু ৩০২ ধাৰাৰ অধীনত ফাঁচিৰ ৰায় দিয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply