বিশ্বনাথ: দেহ ব্যবসায়ত লিপ্ত থকা অভিযোগত এগৰাকী মহিলাক গাওবাসীয়ে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত আৰক্ষীকো আক্ৰমনৰ লক্ষ্য কৰি লয় গাওবাসীয়ে | ঘটনাৰ স্থান বিশ্বনাথ মহকুমাৰ চতিয়াৰ বুডুআটি গাৱত | এই ঘটনাক লৈ অঞ্চলটোত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় | দেহ ব্যৱসায়ৰ লগত জড়িত এগৰাকী বিবাহিত মহিলাক গাওখনৰ ৰাইজে ঘেৰাও কৰি আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ খবৰ লাভ কৰি চতিয়া আৰক্ষী থানাৰ এটা দল গাওখনত উপস্থিত হৈছিল ৷

মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষীৰ লোক গাওখনত উপস্থিত হোৱাৰ লগে লগেই আৰক্ষীক আক্ৰমণ কৰিবলৈ চোচা লয় একাংশই ৷ গাওবাসীৰ আক্ৰমণৰ পৰা মহিলা গৰাকীক উদ্ধাৰ কৰি অনা আৰক্ষীৰ গাড়ীলৈ একাংশই দলিয়াই শিলগুটি৷ মহিলা গৰাকীক উঠাই আৰক্ষীৰ গাড়ীখন কৌশলৰে আতৰি যোৱাৰ পিছতে সেই অঞ্চলত থকা বাকীসকল আৰক্ষীক এচাম উদন্ড ৰাইজে বহুদুৰলৈকে খেদি যায় |
স্থানীয় ৰাইজৰ অভিযোগ আৰক্ষীয়ে প্ৰথমতে তেওলোকক আক্ৰমণ কৰিছিল যাৰ বাবে গাওবাসী ক্ষোভিত হৈ পৰে | ইয়াৰ পিছতেই স্থানীয় ৰাইজে আক্ৰমণ কৰিছিল আৰক্ষীৰ বাহনত ৷ পৰিস্থিতি অধিক উত্তেজিত হৈ পৰাত চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷