বিশ্বনাথ – বিশ্বনাথ জিলাৰ জিনজিয়াত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। চৰ্ত চাৰ্কিতৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হয় এজন লোকৰ বাসগৃহ। অগ্নিকাণ্ডত প্ৰায় ১ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়।

মঙলাবাৰে পুৱাৰ ভাগত বিশ্বনাথ জিলাৰ জিনজিয়াত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। পশ্চিম জিনজিয়াৰ ৰাজেন মুৰা নামৰ এজন দৰিদ্ৰ লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডত।

পুৱা ১০ মান বজাত সংঘটিত হোৱা অগ্নিকাণ্ড বৈদুতিক চৰ্ত চাৰ্কিতৰ ফলত সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডত প্ৰায় ১ লক্ষাধিক টকাৰ ক্ষতি হৈছে বুলি জানিব দিয়ে ঘৰৰ গৰাকীয়ে।

অগ্নিকাণ্ডত সকলো হেৰুৱাই অতি দৰিদ্ৰ পৰিয়ালটিৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হোৱা পৰিলক্ষিত হৈছে। ইফালে মঙলাবাৰে পুৱাৰ ভাগত নগাঁও জিলাৰ ৰূপহীহাটতো এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত চুলতান আলী নামৰ এজন লোকৰ বাসগৃহ ভস্মীভূত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply