বিশ্বনাথ আৰক্ষী আটক কৰিলে খৰ্গ ব্যবসায়ীক

বিশ্বনাথ: বিশ্বনাথত বন বিভাগৰ দলে আটক কৰিলে গড়ৰ খৰ্গ ব্যবসায়ী । গড়ৰ খৰ্গ সৰবৰাহ কাৰীক আটক অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা । অৰুণাচল আৰক্ষীৰ লগতে বিশ্বনাথৰ বন বিভাগৰ যুটীয়া অভিযানত জবি গাদি নামৰ এজন খৰ্গ ব্যৱসায়িক নাহৰলগুণৰ পৰা আটক কৰিবলৈ সক্ষম হয় । আটক কৰা লোকজন কেইবাটাও গড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী সৈতে জড়িত বুলি জানিবলৈ দিছে বন বিভাগৰ দলে।

২০১৯ চনত কাজিৰঙাৰ অগৰাতলিত যি গড় নিধন হৈছিল,সেই গড়ৰ খৰ্গ আটকাধীন লোকজনেই সৰবৰাহ কৰি মণিপুৰত বিক্ৰি কৰিছিল।আনহাতে এই আটকাধীন লোকজনে বন বিভাগৰ আগত দিয়া স্বীকাৰোক্তিত এতিয়ালৈকে ছটা গড়ৰ খৰ্গ কিনা বেচাত জড়িত বুলি স্বীকাৰ কৰাৰ লগতে এই অবৈধ বেহাত আৰু কেইবাজনো লোক জড়িত থকাৰ কথা উল্লেখ কৰিছে। তদন্তত ২০১১ চনৰ পৰাই আটকাধীন লোকজনে এই অবৈধ ব্যবসায়ীৰ লগত জড়িত থকাৰ কথা পোহৰলৈ অহাৰ লগে লগে এতিয়া বন বিভাগে আশা প্ৰকাশ কৰিছে | বন বিভাগে বৰ্তমান সময়ত সোধা-পোছা অব্যাহত ৰাখিছে আটকাধীন চোৰাং গড়ৰ খৰ্গ সৰবৰাহকাৰীটোক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply