নিউজ ডেস্ক – দেওবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় শিল্পী দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা আৰু বিশ্বনাথ জিলাতো উলহ মালহেৰে উদযাপন কৰা হয় শিল্পী দিৱস। শিৱসাগৰত শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰত শিৱসাগৰবাসী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক আজিৰ দিনটোত সোৱৰণ কৰি শিল্পী দিৱস উদযাপন কৰাৰ সমান্তৰালে বিশ্বনাথত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা।
শিৱসাগৰৰ থানামুখত বীনাপাণি সংগীত মহাবিদ্যালয়ৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰত শিৱসাগৰবাসী ৰাইজে বৰেণ্য শিল্পী, সুন্দৰৰ পুজাৰী, বোলছবি নিৰ্মাতা, কবি, সংগীতজ্ঞ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক আজিৰ দিনটোত সোৱৰণ কৰি উদযাপন কৰে শিল্পী দিৱস। শিল্পী দিৱস উদযাপন অনুষ্ঠানত “দিখৌ ঘাটে ৰিঙিয়াই” শীৰ্ষক এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়।
স্মৃতি গ্ৰন্থ উন্মোচন কৰে গড়গাঁৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সাব্যসাচী মহন্তই। শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাও শিল্পী দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। শিল্পী দিৱসৰ অনুষ্ঠানত সেউজকোঁৱৰ পৰাগধৰ চলিহাৰ সহধৰ্মিনী দিপালী চলিহা, মহেন্দ্ৰ বেজবৰুৱা, পোনাৰাম মিলিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
শিল্পী দিৱস অনুষ্ঠানে মুখ্য বক্তা হিচাপে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সাব্যসাচী মহন্তই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰসৃষ্টিয়ে কিদৰে মহিয়ান কৰি গৈছে এই বিষয়ে সুন্দৰ বক্তব্যৰে আলোকপাত কৰে। নৃত্য-গীতৰ সমাহাৰে শিল্পী দিৱসৰ মঞ্চ উজ্বলাই তোলা হয় শিৱসাগৰত।
ইফালে বিশ্বনাথ জিলাৰ জিনজিয়াত সমাজসেৱক জয়ন্ত বৰা অনুৰাগী মঞ্চই উদযাপন কৰিলে শিল্পী দিৱস। শিল্পী দিৱস উপলক্ষে বিশ্বনাথত উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। জিনজিয়াৰ হৰি মন্দিৰ বাকৰিৰ পৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই সমদল কৰি জিনজিয়া চেন্টাৰৰ পৰা পুনৰ হৰি মন্দিৰ প্ৰাংগনত আহি উপস্থিত হয়। শিল্পী দিৱস উপলক্ষে এক মুকলি সভাও অনুষ্ঠিত কৰা হয় হৰি মন্দিৰ বাকৰিত।