বিশ্বনাথ চাৰিআলি– চাহ জনগোষ্ঠী বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰন ব্যবস্থাটো সম্পূৰ্ণ নহ’লে এইবাৰ নিৰ্বাচনত বিজেপিক সমৰ্থন নকৰে চাহ জনজাতি সম্প্ৰদায়ৰ লোক সকলে ৷
জনজাতিকৰন কৰিম বুলি প্ৰতিশ্ৰুতি দি ৰাম ঠগন দিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সোমবাৰে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
জিলাখনৰ গহপুৰ, বিহালী, বিশ্বনাথ আৰু নদুৱাৰ শাখাৰ পৰা অহা তিনি শতাধিক আটছা কৰ্মীয়ে চাহ জনজাতিৰ দালাল হুচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ, জাতিদ্ৰোহী পল্লৱ লোচন দাস মুৰ্দাবাদ আদি শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে ৷