বিশ্বনাথ– অহা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব বিশ্বনাথ জিলা অনুসূচীত জাতি ত্রিৰ্বাষিক অধিবেশন। এই সন্দৰ্ভত ৰাইজৰ উপস্থিতিত আজি আলোচনা কৰা হয়। লগতে অনুসূচীত জাতিৰ সম্পৰ্কেও কিছু আলাপ আলোচনা কৰা হয়।
উক্ত আলোচনা সভাত উপস্থিত থাকে অখিল ভাৰতীয় জন সংঘৰ ৰাজ্যিক সভাপতি ৰুগেশ্বৰ খান্দোৱাল , সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি সিংহজিৎ হাজৰিকা , জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি চন্দন দাস আৰু সংগঠনৰ বিষয়ববীয়া লগতে একাংশ স্থানীয় ৰাইজ ।
বিশ্বনাথ জিলা অনুসূচীত জাতি ত্রিৰ্বাষিক অধিবেশন অসম অনুসূচীত জাতি যুৱ ছাত্র সন্থাৰ বিশ্বনাথ জিলাৰ সমিতি উদ্যোগত বিহালী সমষ্টি দক্ষিন ৰাংছালী সেউজমুখি মহিলা সমিতি খেল পথাৰত অনুষ্ঠিত হ’ব ।