বিশ্বনাথ– মঙলবাৰে বিশ্বনাথৰ চন্দ্ৰপুৰ বাকৰিত অনুষ্ঠিত কৰা হয় বুথ সংকল্প আলোচনা সভা। ৭৬ নং বিশ্বনাথ বিধান সভা সমষ্টিৰ সকলো বুথ কৰ্ম্মী সকলক লৈ অনুষ্ঠিত হয় এই সভাৰ। উক্ত আলোচনাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক তথা বিহপুৰিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰা, ছট্টিশগড় পৰ্য্যবেক্ষক অটল শ্ৰী বাস্তৱ, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, প্ৰাক্তন মন্ত্ৰী তথা বিশ্বনাথৰ প্ৰাক্তন বিধায়ক নুৰজামাল চৰকাৰ,অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ড০সঞ্জু বৰুৱাসহ বহু নেতা কৰ্মীৰ লগতে সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে।
আনহাতে এই সভাতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে মহাজোট বন্ধনৰ ক্ষেত্ৰত প্ৰতিটো দলে আসন বেছিকে বিচৰাটো স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু প্ৰত্যেকটো দলৰ নেতাই জানে কোনটো দলে কিমান আসন পাব লাগে।
আনহাতে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে নেতা গৰাকীয়ে। এইফালে পিয়ুষ হাজৰিকাই এখন সভাত মিত্ৰজোঁট বন্ধনৰ ক্ষেত্ৰত এইটো মহাজোঁট নহয় মহাজঁটহে বুলি কৰা মন্তব্যৰ প্ৰতুত্তৰত নেতা গৰাকীয়ে কয় যে আচলতে হিমন্ত বিশ্ব শৰ্মাহে যি দলত থাকে সেই দলতহে জঁট লাগে ।