৪১সংখ্যক স্থানত ভাৰতৰ নিৰ্মলা সীতাৰমণ

নিউজ ডেস্ক– বিশ্বৰ ১০০গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত স্থান পাইছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। ফ’ৰ্বছ আলোচনীৰদ্বাৰা প্ৰকাশিত এই তালিকাত ৬১ বছৰীয়া সীতাৰমণ ৪১ সংখ্যক স্থানত আছে।

ফ’ৰ্বছৰ ১৭সংখ্য়াক ‘ফ’ৰ্বছ পাৱাৰ লিষ্টত’ ৩০খন দেশৰ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে দহখন দেশৰ প্ৰমুখ্য়, ৩৮ গৰাকী চি ই অ, মনোৰঞ্জন ক্ষেত্ৰৰ লগত জড়িত পাঁচগৰাকী মহিলাক সাঙুৰি লোৱা হৈছে।

তালিকাত থকা অন্যান্য ভাৰতীয়সকলৰ ভিতৰত ৫৫নংস্থানত আছে এইচচিএল কৰ্পোৰেচনৰ মুখ্য কাৰ্যবাহী বিষয়া তথা কাৰ্যবাহী সঞ্চালক ৰোশনী নাদাৰ মালহোট্ৰা আৰু ৬৮নং স্থানত আছে বায়’কনৰ প্ৰতিষ্ঠাপক কিৰণ মজুমদাৰ-শ্ব। জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলে একেৰাহে দশম বৰ্ষৰ বাবে এই তালিকাৰ প্ৰথম স্থান অধিকাৰ কৰে৷ ইফালে ইউৰোপীয় চেন্ট্ৰেল বেংকৰ মুৰব্বী ক্ৰিষ্টিন লেগাৰ্ডে দ্বিতীয় বছৰৰ বাবে দ্বিতীয় স্থানত অধিষ্ঠিত হয়।

মাৰ্কিন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছে তালিকাৰ ৩নং স্থান দখল কৰে৷ উল্লেখ্য যে, ফ’ৰ্বছ আলোচনীৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত প্ৰথমবাৰৰ বাবে কমলা হেৰিছৰ নাম অন্তৰ্ভুক্ত হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply