ডিয়েগো মাৰাডোনা আৰু নাই

নিউজ ডেস্ক– বিশ্বৰ ক্ৰিড়া জগতৰ অন্যতম ফুটবল তাৰকা ডিয়েগো মাৰাডোনাৰ মৃত্যু। বুধবাৰে নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় মাৰাডুনাৰ। আৰ্জেন্টিনাৰ লেনুছ, বুৱেন’ছ আয়াইছত ১৯৬০ চনৰ ৩০ অক্টোবৰত জন্ম গ্ৰহণ কৰিছিল মহান তাৰকা গৰাকীয়ে। তেওঁ আৰ্জেন্টিনাৰ ফুটবল মেনেজাৰ, প্ৰশিক্ষকো আছিল। বাৰ বছৰ বয়সৰ পৰা মাৰাডোনাই ফুটবল খেলিবলৈ লৈছিল।

তেওঁৰ মৃতু্্য়ত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব। ক্ৰীড়া জগতৰ পৰা আৰম্ভ কৰি ৰাজনীতি ক্ষেত্ৰখনলৈকে সমগ্ৰ বিশ্বকেই কন্দুৱাই আতৰি গ’ল মহান ফুটবল তাৰকা গৰাকী।খেলুৱৈ গৰাকীৰ মৃতু্্য়ত শোক ব্য়ক্ত কৰিছে তেওঁৰ অজস্ৰ শুভাকাংখীয়ে।

বিশ্বৰ সেই কিংবদন্তী খেলুৱৈজনক হেৰুৱাই টুইটযোগে সমবেদনা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ডিয়েগো মাৰাডোনাই চাৰিখন ফিফা বিশ্বকাপ প্ৰতিযোগিতাত অংশ লৈছিল। ১৯৮৬ চনৰ প্ৰতিযোগিতাত তেওঁ আৰ্জেণ্টিনা দলক নেতৃত্ব দি ফাইনেলত পশ্চিম জাৰ্মানীক হৰুৱাই বিশ্বকাপ লাভ কৰিছিল।

আৰ্জেণ্টিনা দলক নেতৃত্ব দি পশ্চিম জাৰ্মানীক হৰুৱাই বিশ্বকাপ লাভ কৰিছিল

নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা চিকিৎসাধীন হৈ আছিল মাৰাডুনা। দুসপ্তাহৰ পূৰ্বে তেওঁৰ ব্লাড ক্ল’টৰ অন্ত্ৰোপচাৰ কৰা হৈছিল। হস্পিতালৰ পৰা আৰোগ্য় হৈ ঘৰলৈ ঘূৰি আহি ৩০ অক্টোবৰত পৰিয়ালৰ সৈতে তেওঁৰ ৬০ বছৰীয়া জন্মদিনো উদযাপন কৰে। সেই ফটো তেওঁ ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছিল। অৱশেষত বুধবাৰে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ফুটবল জগতত খলকনি সৃষ্টি কৰা সেই মহান তাৰকাৰ।

ডিয়েগো মাৰাডোনাৰ মৃত্য়ুত আৰ্জেন্টিনা চৰকাৰে তিনি দিনীয়াকৈ ৰাষ্ট্ৰীয় শোকদিৱস ঘোষণা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply