বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতৰ মানচিত্ৰত নাই জম্মু–কাশ্মীৰ আৰু লাডাখ

নিউজ ডেক্স: বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ মানচিত্র ভুলকৈ প্রকাশ কৰা বিষয়টোক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে সংগঠনটো৷ আশ্চয্যজনক ভাবে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মানচিত্রৰ পৰা বাদ দিয়া হৈছে জম্মু–কাশ্মীৰ আৰু লাডাখক৷ এই ঘটনাক লৈ এতিয়া ভাৰতৰ অভ্যন্তৰৰ লগতে বিদেশতো সৃষ্টি হৈছে তীব্র বিতর্কৰ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ এই মানচিত্র প্রকাশ পোৱাৰ লগে লগে ব্রিটেইনত থকা প্রবাসী ভাৰতীয়সকলে প্রথম ক্ষোভ প্রকাশ কৰিছে৷ সংস্থাটোৰ সৈতে চীনৰ ঘনিষ্ঠ সম্পর্ক থকা বাবেই সংস্থাটোৱে জম্মু–কাশ্মীৰ আৰু লাডাখক ভাৰতৰ মানচিত্রৰ পৰা আতৰাই পেলোৱা কাৰ্যত জড়িত হৈছে বুলি বিভিন্ন মহলে অভিযোগ কৰিছে৷ কোনখন দেশত ক’ভিড পৰিস্থিতি কেনেধৰণৰ তাক দেখুৱাবলৈ বিশ্ব স্বাস্থ্য সংস্থাই ব্যৱহাৰ কৰি আহিছে দেশসমূহৰ মানচিত্র৷ সংস্থাটোৰ ৱেবছাইটত ব্যৱহৃত দুখন মানচিত্রত এই ভুল ধৰা পৰিছে৷ মানচিত্রত ভাৰতক ঘন নীলা ৰঙেৰে চিহ্ণিত কৰা হৈছে৷

য’ত জম্মু–কাশ্মীৰ আৰু লাডাখক ধূসৰ ৰঙেৰে চিহ্ণিত কৰা হৈছে৷ অর্থাৎ মানচিত্রত এই অংশক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দেখুওৱা হৈছে৷ ইফালে আকছাই চীনক ধূসৰ ৰঙৰ ওপৰত নীলা ছাপ দি দেখুওৱা হৈছে৷ এই একেই চিহ্ণৰ চীনৰ ক্ষেত্রতো ব্যৱহাৰ কৰা হৈছে৷ আকছাই চীন চীনৰ অংশ হিচাপে দেখুওৱা হৈছে | যোৱা সময়ছোৱাত ক’ভিড ভাইৰাচক লৈ চীনৰ ভুমিকাৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থা কাৰ্যকলাপ তীব্ৰ ভাবে সমালোচনাৰ সন্মুখীন হৈছে | এনে সময়তে ভাৰতৰ মানচিত্ৰ ভুলকৈ প্ৰকাশ কৰি সংস্থাটোৱে ব্যবহাৰ কৰা কাৰ্যক তীব্ৰ ভাবে সমালোচনাৰ সন্মুখীন হৈছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply