বিষাক্ত দ্ৰব্য মুক্ত কৰা শাক-পাচলী ক’ত পাব মহানগৰীত

নিউজ ডেক্স:-এতিয়াৰে পৰা খাব নালাগে বীজাণুযুক্ত শাক-পাচলি মুঠ তিনিটা পৰ্য্যায়ত বীজাণুমুক্ত, ভাইৰাছমুক্ত,বেক্টেৰীয়ামুক্ত আৰু ৰাসায়নিকদ্ৰব্য মুক্ত কৰি শাক-পাছলি আৰু ফল-মুল এই সুবিধা কৰিছে গুৱাহাটীৰ কৃষি বিপণন ক্ষেত্ৰত | এনে ধৰনৰ স্বাস্থ্যসন্মত ৰূপত বিক্ৰী কৰাৰ গুৱাহাটী বিপণন ক্ষেত্ৰই হৈছে উত্তৰ-পূৱৰ একমাত্ৰ প্ৰতিষ্ঠান |

সাম্প্ৰতিক সময়ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা শাক পাছলি, ফলমূল আদি খোৱাৰ ফলত বহুজনৰেই স্বাস্থ্যৰ ক্ষেত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে । ফল-মূল আদি বহুদিন ভালে ৰাখিবলৈ ব্যৱহাৰ কৰা কীট নাশক দ্ৰব্যৰ ফলত মানুহৰ শৰীৰত বিভিন্ন ধৰনৰ ৰোগ সৃষ্টি হোৱাৰ তথ্য নিতৌ আহিছে |

অ’জন যুক্ত পানীৰে ধুই থকাৰ সময়ত

এনে অবস্থাত এই নতুন প্ৰযুক্তিৰে শাক-পাছলি, ফল-মূল আদিত প্ৰয়োগ কৰা এই কীটনাশক দ্ৰব্য অজ’ন যুক্ত পানীৰে ধুই সমূহ প্ৰায় ১০০ শতাংশ নাইকীয়া কৰিব পাৰি। অজ’ন হৈছে তিনি এটম যুক্ত অক্সিজেন । অজ’ন বায়ুমণ্ডলত প্ৰাকৃতিক ভাবে পোৱা যায় ।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে কাৰ্যক্ষম কৰা এই প্ৰকল্পটোৰ নাম হৈছে ‘Virtue Fresh, an evdavour of a first generation Enterpreneur’ । মহানগৰীৰ এগৰাকী যুৱ উদ্যোগী শতাক্ষী ভট্টাচাৰ্যই এই প্ৰকল্পটো আৰম্ভ কৰে ।

এই প্ৰকল্পটোত সম্পূৰ্ন যান্ত্ৰিক প্ৰক্ৰিয়াৰে তিনিটা পৰ্যায়ত অজ’ন যুক্ত পানীৰে ফল- মূল সমূহ পৰিস্কাৰ কৰা হয় । বাযুমণ্ডলৰ পৰা যন্ত্ৰটোৱে অক্সিজেন গ্ৰহণ কৰি অজ’ন সৃষ্টি কৰি লৈ শাক পাচলি, ফলমূল সমূহ অজ’নাজেচন কৰে । ফলমূল সমূহ অজ’ন পানীত ধুই লোৱাৰ পিছত তাক শুকুৱাই লোৱা হয় ।

ৰাসায়নিক দ্ৰব্য মুক্ত কৰা যন্ত্ৰ

যন্ত্ৰটোত শাক-পাচলি,ফলমূল সমূহ ৫টা পৰ্যায়ত শুকুৱাই লোৱা হয় । শুকুৱাই থকা অবস্থাত ফলমূল, শাক-পাছলি সমূহ ১৮০ ডিগ্ৰী অৱস্থাত ঘূৰে । যাৰ ফলত সম্পূৰ্ন ৰূপে পাচলি সমূহৰ ওপৰত থকা পানী সমূহ শুকাই যায় । শাক- পাচলি সমূহ শুকুৱাই লোৱাৰ পিছত বীজানুমুক্ত আৰু ৰাসায়নিক দ্ৰব্য মুক্ত স্বাস্থ্য সন্মত ভাবে গ্ৰহণযোগ্য এই সামগ্ৰী সমূহ সম্পূৰ্ন যান্ত্ৰিক ভাবে বিভিন্ন পৰিমানৰ ওজনত পেকেট তৈয়াৰ কৰা হয় । যাতে গ্ৰাহকে এই শাক- পাচলি ফলমূল সমূহ নিৰাপদ ৰূপত গ্ৰাহকে ক্ৰয় কৰিব পাৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply