বিহপুৰীয়া– দীৰ্ঘদিন ধৰি অঞ্চলটোত আতংকৰ সৃষ্টি কৰি থকা এটা ডকাইতক অৱশেষত বান্দৰদেৱাৰ ৰাজপথত খেদি খেদি বিহপুৰীয়াৰ আৰক্ষীয়ে ধৰিলে ডকাইত।বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰণ্য পাটৰ নেতৃত্বত চলা অভিযানত জালত পৰিল ম’ষ্ট ৱান্টেড ডকাইত ছয়েদ আলি।
কিছুদিন পূৰ্বে গহপুৰত ডকাইতি কাণ্ড সংঘটিত কৰি আত্মগোপন কৰি আছিল ছয়েদ আলি। গহপুৰত আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত পলাতক ছয়েদ আলীক অসম অৰুণাচল সীমান্তৰ বান্দৰদেৱাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল বিহপুৰীয়া আৰক্ষী।
উল্লেখযোগ্য যে কিছুমাহ পুৱে লখিমপুৰৰ চিনাতলীয়াত সংঘটিত হোৱা ডকাইতি কাণ্ডত গ্ৰেপ্তাৰ হৈ জেলৰ পৰা ওলাই আহিছিল ছয়েদ। জেলৰ পৰা ওলায়েই পুণৰ গহপুৰত সংঘটিত কৰিছিল ডকাইতিৰ ঘটনা।