নিউজ ডেস্ক– দেওবাৰে সমগ্ৰ অসমৰ লগতে বিহপুৰীয়া আৰু গোলাঘাটতো শিল্পী দিৱস উদযাপন কৰা হয়। শিল্পী দিৱসৰ লগত সংগতি ৰাখি গোলাঘাটৰ চিনাতলীত যুৱক বৃন্দৰ উদ্যোগত এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰা হয় ৷ গোলাঘাটৰ উদীয়মান নাট্যকাৰ স্যমন্ত হাজৰিকাৰ ৰচনা আৰু পৰিচালনাৰে চিনাতলী নাট্যমঞ্চত মঞ্চস্থ কৰে চাকনৈয়া নামৰ নাটকখন ৷
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক নুৰুল চুলতানে নাটকখন উদ্ধোধন কৰি চিনাতলী গাঁৱৰ যুৱকসকলক প্ৰশংসা কৰি অনাগত দিনত সাংস্কৃতিক জগতখন অধিক আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনাই ৷

আনহাতে বিহপুৰীয়াৰ সমীপৰ পথালিপাহাৰ ‘ৰুদাক্ষ’ নামৰ এটি অপেচাদাৰী নাট্যগোষ্ঠীয়ে ‘আলাপ সংলাপ আৰু অন্যান্য’ শীৰ্ষক এক অনুস্থানেৰে শিল্পী দিৱস উদযাপন কৰে। ঠেটুৱৈ লগা জাৰৰ মাজতো শতাধিক ৰাইজে উপভোগ কৰে সাংস্কৃতিক অনুস্থানটি ।
শিল্পী দিৱসৰ বিশেষ দিনটোতেই ‘ৰুদাক্ষ’ৰ প্ৰযোজনাত ‘ঈশ্বৰ সন্ধানত ‘ নামৰ নাটকখনৰো শুভমহুৰত হৈ যায় লগতে দেৱব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মিত ‘বেহু’ নামৰ ছুটি ছবিখন মুক্তি দিয়া হয় লগতে কেইবাখনো ছুটি ছবি প্ৰদৰ্শনো কৰা হয় । দেৱব্ৰত কাকতিৰ বাসগৃহৰ চোতালতে শিল্পী দিৱস হিচাপে উদযাপন কৰা হয় এই ব্যতিক্ৰমী অনুস্থান। এই কাৰ্যক শলাগ লয় উপস্থিত ৰাইজে ।