বিহপুৰীয়া- লখিমপুৰ জিলাত দীৰ্ঘদিনৰ পৰা চলি থকা ভুৱা সোণৰ ব্যবসায়ে অঞ্চলটোৰ জনসাধাৰনক ৰামঠগন চলাই আহিছে | আৰক্ষীয়ে যোৱা সময়চোৱাত এই ক্ষেত্ৰত কিছু সফলতা লাভ কৰিছে যদিও এই চোৰাং সোণ সৰবৰাহ চক্ৰটো ইমানেই সক্ৰিয় যে তাক উৎখাত কৰাত এতিয়াও সফলতা লাভ কৰাত ব্যৰ্থ হৈছে | এই চক্ৰটোৱে নিত্য নতুন কৌশল ৰচনা কৰি অঞ্চলটোত নকল সোণৰ ব্যবসায় চলাই আহিছে |

বছৰৰ শেহত বিহপুৰীয়া আৰক্ষীয়ে এই নকল সোণৰ ব্যবসায়ত জড়িত এক চক্ৰক ধৰাত সফলতা লাভ কৰিছে |
উল্লেখযোগ্য যে মঙলবাৰে বিহপুৰীয়া আৰক্ষীয়ে তিনিটা নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ পিছত আজিও গ্ৰেপ্তাৰ কৰিছে আন এটা নকল সোণৰ ব্যবসায়ীক |
২৪ ঘণ্টাৰ ভিতৰতে বিহপুৰীয়া আৰক্ষীৰ জালত পৰা নকল সোণৰ ব্যৱসায়ীটোৰ নাম হ’ল আব্দুল জলিল |এই ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে নকল সোণৰ ভগবান যীশুৰ মূৰ্তি, সোণৰ নাও। বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ মতে যোৱা সময়চোৱাত মাছ বেপাৰীৰ বেশত আব্দুল জলিলে ব্যবসায় চলাই আহিছিল নকল সোণৰ ব্যৱসায়।