বিহালী- বিহালীৰ জিনজিয়াত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক আছু -আটছাৰ আৰ্থিক সাহাৰ্য প্ৰদান। মঙলবাৰে বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত পশ্চিম জিনজিয়াৰ ৰাজেন মুৰাৰ বাস গৃহটো সম্পূৰ্ণভাৱে জ্বলি চাৰখাৰ হয়। অগ্নিকাণ্ডৰ ফলত প্ৰায় ১ লক্ষাধিক টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হয়।
এই অগ্নিকাণ্ডৰ খবৰ লাভ কৰা মাত্ৰকেই ক্ষতিগ্ৰস্ত দৰিদ্ৰ পৰিয়ালটিলৈ সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা। দুয়োটা সংগঠনৰ এটা সজাতি দলে ঘটনাৰ বুজ লোৱাৰ লগতে ভুক্তভোগী পৰিয়ালটোক ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ গৰম কাপোৰ, বিচনা চাদৰ, পিন্ধা সাজপাৰৰ লগতে খাদ্য সামগ্ৰী আৰু আৰ্থিকভাৱে সাহাৰ্য প্ৰদান কৰে সংগঠন কেইটা সদস্য সকলে ।
এই সজাতি দলটোত জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদ্দেষ্টা মনজিত বৰমুদৈ , সভাপতি সপোন শইকীয়া, সম্পাদক হিৰক জ্যোতি বৰা , বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক নৱজ্যোতি বৰুৱা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জিনজিয়া আঞ্চলিক সমিতিৰ উপদ্দেষ্টা ধনঞ্জয় বৰাইকৰ উপস্থিতিত থাকে। লগতে এই ভুক্তভোগী পৰিয়াললৈ জিনজিয়াৰ কেইবাখনো বিত্তীয় প্ৰতিষ্ঠানে সহায়ৰ হাত আগবঢ়াইছে ।