বিহালী– ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকক ভেটি মাটিৰ পট্টা প্ৰদান, চাহ জনগোষ্ঠীক অনুসূচীকৰণৰ দাবীত বিহালীত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু চি পি আই (এম-এল)ৰ প্ৰতিবাদ সাব্য়স্ত কৰে।
নতুন ৪ খন শ্ৰমিক সংহিতা (আইন) বাতিল কৰাৰো দাবী উত্থাপন কৰাৰ লগতে চাহ শ্ৰমিকসকলৰ পৰা দুবছৰ ধৰি কৰ্তন কৰা ১৪৩০ কোটি টকা ঘূৰাই দিয়াৰ দাবীত এক প্ৰতিবাদী সমদলো উলিয়াই সংগঠনটোৱে।

‘চাহ শ্ৰমিকৰ ৩৫১ টকা মজুৰি নিৰ্ধাৰণ কৰক’, ‘চাহ শ্ৰমিকক ভেটি মাটিৰ পট্টা দিয়ক’,
‘চাহ জনগোষ্ঠীক অনুসূচীকৰণ কৰক’, ‘২০১৯ আৰু ২০২০ বৰ্ষত চাহ শ্ৰমিকৰ মজুৰিৰ পৰা লুটি ৰখা ১৩০০০ টকা বিজেপি চৰকাৰে ঘুৰাই দিয়ক’।
‘ নতুন ৪ খন শ্ৰমিক সংহিতা (আইন) বাতিল কৰক’
‘ শ্ৰমিক আইন সংশোধনৰ নামত শ্ৰমিকৰ কামৰ সময় ৮ ঘন্টাৰ পৰা ১২ ঘন্টা কৰা নচলিব।’
‘ফাঁকি কথাৰে পেট নভৰে আমাৰ অধিকাৰ আমাক লাগে, বিজেপি চৰকাৰে জবাব দিয়ক।’
এই দাবী উত্থাপন কৰি বিহালী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই।