বিহালীত পথৰ দাঁতিত অবৈধ মাটি খনন

বিশ্বনাথ চাৰিআলি– বিহালীত একাংশ ইটাভাটাৰ মালিকৰ মইমতালি। পথৰ দাঁতিত চলাইছে অবৈধ মাটি খনন। ইটাভাটালৈ মাটি সৰবৰাহ কৰাৰ উদেশ্য পথৰ দাঁতি কাষৰীয়া মাটি কাটি বিধ্বস্ত কৰি তুলিছে পথৰ দুয়োপাৰ। শিয়ালমাৰীৰ পেভাৰ ইটাৰে সুন্দৰ ভাবে নিৰ্মাণ কৰা পথৰ দাঁতিৰ কাষৰীয়া মাটিতো শিয়ালমাৰীৰ ইটাভাটালৈ সৰবৰাহ কৰাৰ উদ্দেশ্য জেচিবিৰে অবৈধ ভাৱে খনন কৰিছে মাটি।

ইয়াৰ পূৰ্বে ইটাভাটাৰ মালিকসমূহে পথাৰৰ মাটি খান্দি বিধস্ত কৰি পেলোৱাৰ বাতৰি সংবাদমাধ্যমত প্ৰকাশ পাইছে। খেতি পথাৰৰ পৰিৱৰ্তে এইবাৰ তেওঁলোকৰ হাতোৰা পৰিছে পথৰ দাঁতিৰ ওখ মাটিত। কাৰো হকাবধা নামানি এইদৰে তেওঁলোকে চলাই গৈছে নিজৰ মইমতালি।

এই সন্দৰ্ভত শিয়ালমাৰী গাওঁখনৰ গাওঁবুঢ়া লংকি কিলিঙে কয় ,’বাৰংবাৰ কৈ অহা স্বত্তেও এওঁলোকে কোনো বাধা নামানে আৰু গুৰুগোঁসাই নমনাকৈ জে চি বিৰ জৰিয়তে এনেদৰে পথৰ দাঁতিৰ ওখমাটিত খনন কার্য চলাই আহিছে। ‘

ইটাভাটাৰ মালিকে অধিক হাৰত নিজে মুনাফা লুটাৰ উদ্দেশ্য এইদৰে বিধস্ত কৰিছে শিয়ালমাৰী অঞ্চল। অনা অসমীয়া ইটা ভাটা মালিক সমূহৰ এই অঞ্চলৰ প্ৰতি কিঞ্চিৎ মানো দায়বদ্ধতা নথকা এনে দুষ্কাৰ্যত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। জিলা প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা হাতত লবলৈ আহ্বান জনাইছে স্থানীয় বাসিন্দাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply