নিউজ ডেস্ক – আজি আৰম্ভ হ’ল বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।বিহাৰ বিধানসভাৰ ২৪৩ খন আসনৰ ৯৪ খন আসনৰ বাবে হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ।ভোটগ্ৰহণ কেন্দ্ৰসমূহত সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি চলি ভোটদান পৰ্ব সম্পন্ন কৰাৰ নিৰ্দেশ চৰকাৰৰ ।
আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ উপৰিও দহখন ৰাজ্যৰ বিধানসভাৰ ৫৪টা সমষ্টিৰ বাবে উপনিৰ্বাচন আৰম্ভ হৈছে।মধ্য প্ৰদেশৰো বিধানসভাৰ ২৮ টা সমষ্টিৰ বাবে ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ।