মানকাচৰ – মানকাচৰত বিহুৰ নামত চলিছে অশ্লীল নৃত্য আৰু জুৱা খেল। নিৰ্বিকাৰ দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী আৰু প্ৰশাসন। ভোজপুৰি গীতৰ তালে তালে চলিছে অৰ্ধ উলংগ যুৱক-যুৱতীৰ অশ্লীল নৃত্য আৰু জুৱা খেল।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত বিহুৰ নামত চলিছে অশ্লীল নৃত্য আৰু ৰমৰমীয়া জুৱা খেল। বিশেষকৈ জিলাখনৰ মানকাচৰ, ভুৰাকাটা, কালাপানী, কানাইমাৰা, হাটশিঙিমাৰী আৰু সুখচৰত ভোজপুৰি গীতৰ তালে তালে চলিছে অৰ্ধ উলংগ যুৱক-যুৱতীৰ অশ্লীল নৃত্য আৰু জুৱা খেল। নিৰ্বিকাৰ দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষী প্ৰশাসন।
আনহাতে, জিলাখনৰ একাংশ দালাল শ্ৰেণীৰ লোকৰ লগতে একাংশ স্বাৰ্থলোভী বিজেপি কৰ্মীৰ সৈতে আৰক্ষী আৰু প্ৰশাসন গোপন বুজাবুজি কৰি বৃহৎ ধনৰ বিনিময়ত প্ৰতি নিশা এনে কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে, জিলাখনৰ একাংশ সচেতন ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ সজাতি দলে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসক ফোন যোগে অশ্লীল নৃত্য আৰু জুৱা খেল বন্ধ কৰিবলৈ অবগত কৰাৰ পাছতেই পোহৰলৈ আহে বহুত তথ্য। উক্ত কাৰ্যৰ লগত জিলাখনৰ বিজেপিৰ সভাপতি আলতাপ হুচেইন জড়িত থকা বুলি ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসে জানিবলৈ দিয়ে।

ইপিনে, জিলা বিজেপিৰ সভাপতি আলতাপ হুছেইন এনে কাৰ্যত জড়িত থকাৰ অডিঅ’ ক্লীপ ভাইৰেল হোৱাৰ পাছত সমৰ্থক সংঘ অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক মনিৰুজ্জামান ওৰফে মণিয়ে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে জিলাখনত বিহুৰ নামত চলি থকা অশ্লীল নৃত্য আৰু জুৱা খেল বন্ধ কৰাৰ বাবে প্ৰশাসন তথা চৰকাৰক দাবী জনায়।
উল্লেখ্য যে নামনি অসমৰ বিভিন্ন অঞ্চলত বিহুৰ নামত এনে অশ্লীল নৃত্য আৰু জুৱা খেল চলি থকা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে বৰপেটা জিলাৰ মেধিৰটাৰীত মাঘ বিহুৰ নামত এনে অশ্লীল নৃত্যৰ অনুষ্ঠানত অনুষ্ঠিত হোৱাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মেধিৰটাৰীত সাংস্কৃতিক অনুষ্ঠানত নামত এনে অশ্লীল নৃত্যৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতে দণ্ডাধীশে মেলাৰ অনুমতি বাতিল কৰে।