গুৱাহাটী – ৰঙালী বিহুৰ পূৰ্বে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজনৈতিক দল সমূহে আহ্বান জনাইছে। দেশৰ নিৰ্বাচন আয়োগৰ লগত হোৱা বৈঠকত ৰাজনৈতিক দল সমূহে নিৰ্বাচন আয়োগক এই আহ্বান জনাইছে। ৰাজনৈতিক দল সমূহৰ ভিতৰত এটা ৰাজনৈতিক দলে ই ভি এমৰ পৰিবৰ্তে বেলট পেপাৰত ভোট গ্ৰহণৰ আহ্বান জনাইছে।
বুধবাৰে গুৱাহাটীত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই এক সংবাদ মেলত জানিবলৈ দিয়ে যে অসমত আগন্তক বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাকলৈ নিৰ্বাচন আয়োগ ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ লগত বৈঠক মিলিত হৈছে। বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ লগতো নিৰ্বাচন আয়োগ বৈঠকত মিলিত হৈছে।
ৰাজনৈতিক দল সমূহে নিৰ্বাচন আয়োগক ৰঙালী বিহুৰ পূৰ্বে অসমত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে। ৰাজনৈতিক দল সমূহৰ লগত হোৱা বৈঠকত এটা ৰাজনৈতিক দলে ই ভি এমৰ পৰিবৰ্তে বেলট পেপাৰত ভোট গ্ৰহণ কৰিবলৈও নিৰ্বাচন আয়োগক আহ্বান জনাইছে যদিও ই ভি এমৰ জৰিয়তে ভোট গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই।
ইফালে কৰ’ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী প্ৰচাৰৰ সভাসমূহত কঠোৰ নিৰ্দেশনাৰ প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই। ৰাষ্ট্রীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা লোক সকলৰ নাম ভোটাৰ তালিকাত থাকিলে তেওঁলোকে ভোটদান কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে।
উল্লেখ্য যে অহা ৩১ মে তাৰিখে ৰাজ্যৰ বৰ্তমান চৰকাৰখনৰ কাৰ্যকাল সমাপ্ত হব। আগন্তক বিধানসভা নিৰ্বাচনকলৈ ইতিমধ্যে ৰাজনৈতিক দল সমূহ তৎপৰ হৈ থকাৰ লগতে ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ। ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বে তিনি দিনীয়া ভ্ৰমণসূচীলৈ ১৮ জানুৱাৰীত অসমত উপস্থিত হৈছিল নিৰ্বাচন আয়োগৰ দল।