বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন Credit: ইষ্ট ম'জ'

বিশ্বনাথ– সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক পৰিকাঠামো আৰু অধিক শক্তিশালী কৰিবলৈ সোমবাৰে বাঘমৰা আৰু বিহালী মণ্ডলৰ উদ্যোগত বিহালী সমষ্টি ভিত্তিত অনুষ্ঠিত হৈ যায় পৃষ্ঠাপ্ৰমুখ সন্মিলন ।

লাচিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা পৃষ্টা প্ৰমুখ সন্মিলনত উপস্থিত থাকে অসম চৰকাৰৰ জেষ্ঠ কেবিনেট মন্ত্রী তৰ্থ‍ বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত বিশ্বনাথ সমষ্টিৰ বিধায়ক তথা বিহালী সমষ্টিৰ “পৃষ্ঠাপ্ৰমুখ” সন্মিলনৰ দায়িত্বত থকা প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ, ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য পৰেশ বৰকাকতি, বাঘমৰা মণ্ডলৰ প্ৰভাৰী অসীম দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ বিভিন্ন দায়িত্বত উপবিষ্ট কাৰ্য্যকৰ্তাসকল ৷

এই অনুষ্ঠানতে ভাৰতীয় জনতা পাৰ্টিৰ ৰ নীতি আদৰ্শ আৰু সমগ্ৰ বিহালী সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ ২৫ গৰাকী কংগ্ৰেছ তথা চি,পি,এম,এল ৰ কাৰ্যকৰ্তাই বিজেপিত যোগদান কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply