দেৱব্ৰত শইকীয়া

নিউজ ডেক্স:- নিৰ্বাচনলৈ দুমাহ হাতত থকাৰ সময়তে বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্ৰত শইকীয়াই। কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই হেৰুৱালে এই মৰ্যাদা। অসম বিধানসভাই ইতিমধ্যে প্ৰকাশ কৰিছে আনুষ্ঠানিক জাননী।

১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা প্ৰকাশ কৰিছে অসম বিধানসভাৰ সচিব এ এন ডেকাই। ২০১৬ চনৰ নিৰ্বাচনত ২৬ খন আসনত জয়লাভ কৰা কংগ্ৰেছৰ বৰ্তমানৰ বিধায়কৰ সংখ্যা ২০ জন |

গেজেট নটিফিকেচন

শেহতীয়াকৈ ৰাজদ্বীপ গোৱালা আৰু অজন্তা নেওগে দল ত্যাগ আৰু বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই দেবব্ৰত শইকীয়াই বিৰোধী দলপতিৰ যোগ্যতা হেৰুৱাতো নিশ্চিত হৈছিল |বিৰোধী দলপতিৰ বাবে অসম বিধান সভাত ২১ জন বিধায়কৰ প্ৰয়োজন |

ইফালে অসম বিধানসভাৰ পৰা বিৰোধী দলপতিৰ মৰ্যাদা হেৰুওৱাৰ পিছত এতিয়াৰে পৰা শইকীয়াই কেবিনেট মৰ্যাদাৰ লগতে আন আন সুবিধা সমূহো হেৰুৱাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply