গুৱাহাটী – এইবাৰ বিটিএডিত বিজেপিৰ চৰকাৰ হ’ব। এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালি ওদালগুৰিত বাইক ৰেলীৰে বিশাল সমদল উলিওৱাৰ পিছতে মন্ত্রী হিমন্ত বিশ্বই ওদালগুৰিৰ গোলমা গাঁও হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এক বিশাল নির্বাচনী সভাত অংশ লয়৷ হিমন্তই কয় যে বি টি এ ডিত সম উন্নয়ন, সম মর্যাদাৰ লক্ষ্যৰে এইবাৰ বিজেপিৰ চৰকাৰ গঠন কৰা হ’ব৷
১৭ বছৰে বি টি চিত চলি থকা দুর্নীতি আঁতৰাই বি টি চিত এক মুকলি পৰিৱেশ গঠন কৰাই বিজেপিৰ লক্ষ্য বুলি কয় মন্ত্রীগৰাকীয়ে। অৰুণোদয় আঁচনি সন্দর্ভত হিমন্তই মন্ত্রী ৰিহণ দৈমাৰীকো ক্ষুৰধাৰ সমালোচনা কৰে৷ আনকি বি টি চিলৈ পর্যাপ্ত টকা অহাৰ পাছতো ৰৌতা-ওদালগুৰিৰ পথ আজিও সম্পূর্ণ হৈ নুঠাত আক্ষেপ কৰে৷ শীঘ্রেই পথ সম্পূর্ণ হৈ উঠিব বুলিও তেওঁ কয়৷
বি টি চিৰ সকলো পথৰ উন্নয়নৰ দায়িত্বও এইবাৰৰ পৰা ৰাজ্য চৰকাৰে লোৱাৰ কথাও ঘোষণা কৰে মন্ত্রী হিমন্ত বিশ্বই৷ বিজেপিৰ দিনত আত্মসহায়ক গোট, ছাত্র-ছাত্রীয়ে বিনামূলীয়া শিক্ষা, নিবনুৱাই সুবিধা পোৱা বুলিও ব্যক্ত কৰে মন্ত্রীগৰাকীয়ে৷
সেয়েহে বিজেপিৰ চৰকাৰ গঠন হোৱাত ৰাইজৰ সহযোগিতা আহবান কৰে৷ ৰৌতা, হৰিশিংগালৈয়ো বাইক ৰেলীৰে গমন কৰা মন্ত্রীগৰাকীক সহযোগ কৰে সাংসদ ভুৱনেশ্বৰ কলিতা, পল্লৱলোচন দাস, ৰাজ্যিক সম্পাদক দিলীপ শইকীয়া আদি বিভিন্নজন শীর্ষ নেতাই৷ আনহাতে, ওদালগুৰিলৈ অহা মন্ত্রী হিমন্ত বিশ্বক আছুৱে গ’ বেক ধবনিৰে প্রতিবাদ দেখুৱায়৷