গুৱাহাটী– আকৌ জীৱন্ত হৈ উঠিব বীৰ লাচিত বৰফুকন। ন-ৰূপত প্ৰত্য়েক্ষ কৰিব লাচিতক। অসমৰ যশস্বী পৰিচালক তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক জাহ্নু বৰুৱাই আপোনাৰ সন্মুখলৈ পুনৰ লৈ আহিব লাচিত বৰফুকনক। ১৯৭১ চনৰ শৰাইঘাটৰ যুদ্ধৰ ওপৰত চিনেমা নিৰ্মান কৰিব ১২বাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি নিৰ্মাতা লাচিত বৰফুকনে।বৃহস্পতি বাৰে এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি পৰিচালক গৰাকীয়ে জনায়।
গুৱাহাটীস্থিত ড্ৰীম হাউছ প্ৰডাকচনে ভাৰতৰ শীৰ্ষ প্ৰডাকচন হাউছৰ সহযোগত এই চিনেমাখনৰ কাম হাতত ল’ব। সত্যম গ্ৰুপ অব ইণ্ডাষ্ট্ৰিজৰ পৰিচালন সঞ্চালক সুৰেশ শর্মাই কোটি টকীয়া বাজেটৰ এই ছবিখন প্ৰযোজনা কৰিব।
পৰিচালক জাহ্নু বৰুৱাই চিনেমাখনৰ সন্দৰ্ভত কয় , ‘২০ বছৰ ধৰি মই মোৰ প্ৰিয় সেনা নায়ক লাচিত বৰফুকনৰ ওপৰত এখন ছবি নিৰ্মাণৰ সপোন দেখি আহিছোঁ। এই প্ৰক্ৰিয়াৰ বাবে বহুতো চৰকাৰী উদ্যোগ আছিল, যাৰ ভিতৰত আছে পূৰ্বৰ দুজন গৱৰ্ণৰৰ প্ৰস্তাৱ৷’
উল্লেখ্য় যে, ১৯৬১ চনতো বীৰ লাচিতকলৈ এখন বুৰঞ্জী মুলক ছবি নিৰ্মান কৰা হৈছিল।সেই ছবিখনৰ পৰিচালক আছিল লক্ষ্যধৰ চৌধুৰী ।
‘লাচিত বৰফুকন’ চলচ্চিত্ৰখনৰ নিৰ্মাণৰ কাম ২০২১ চনৰ অক্টোবৰৰ ভিতৰত আৰম্ভ হৈ ২০২২ বৰ্ষৰ শেষৰ ফালে মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে।