মাজুলী- বীৰ লাচিতৰ ওপৰত ছবি নিৰ্মাণৰ ইচ্ছা প্ৰকাশ বলীউদ অভিনেতা বিবেক অবেৰয়ৰ। মাজুলীৰ জেংৰাইমুখত দেওবাৰৰ পৰা আৰম্ভ হোৱা ৰাজ্যিক পর্যায়ৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত ‘সহোদৰ ২০২০–২১’ অনুষ্ঠানত অংশ লয় অভিনেতা বিবেক অবেৰয়ে। অভিনেতা গৰাকীয়ে অসমৰ জাতীয় বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে সুঁৱৰি কয় যে লাচিত বৰফুকনৰ নিচিনা এজন জাতীয় বীৰক সমগ্ৰ ভাৰতবৰ্ষত ভালদৰে চিনি নোপোৱাতো অতি পৰিতাপৰ বিষয়।
লাচিত বৰফুকনে মোগলৰ দৰে বিশাল সৈন্য বাহিনীক নৰিয়া গাৰেই যুদ্ধ কৰি পৰাজিত কৰিবলৈ সক্ষম হৈছিল। এনে এজন জাতীয় বীৰক সকলোৱে চিনি পোৱাতো অতি প্ৰয়োজন। সেয়েহে লাচিত বৰফুকনৰ নামত এখন চলচিত্ৰ নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে। জনপ্ৰিয় অভিনেতাজনে অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰে।
উল্লেখ্য় যে দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘সহোদৰ ২০২০–২১’ অনুষ্ঠান। ৩৯টা জনগোষ্ঠীৰ শিল্পীৰ সমাহাৰেৰে অনুষ্ঠিত হৈছে ‘সহোদৰ ২০২০–২১’ অনুষ্ঠানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ,” ‘সহোদাৰ’ অনুষ্ঠানটোৱে বিভিন্ন জাতিগত সম্প্ৰদায়ৰ মাজত একতা আৰু সমন্বয় শক্তিশালী কৰাত যথেষ্ট অৰিহণা যোগাইছিল, যাৰ ফলত ২০১৬ চনৰ পৰা ৰাজ্যখনত ‘শূন্য হিংসা’ হৈছিল।”
এই অনুষ্ঠানতে অভিনেতাজনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্যংগাত্মক ভাৱে প্ৰশ্ন কৰি সোধে, ”আপুনি ইমান ধুনীয়া কিন্তু এতিয়াও কিয় অকলশৰীয়া। মই এইটো কথা বুজি পালো যে তেওঁৰ হৃদয়ত কেৱল অসমবাসীৰ বাবেহে মৰম আৰু চেনেহ আছে।”
লগতে মাজুলীক প্ৰদূষণমুক্ত জিলা হিচাপে গঢ়ি উদ্যোগৰ বাবে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰে অভিনেতাগৰাকীয়ে ।