মৰাণ:- চৰকাৰে নহয় ৰাইজে নিজৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা বুঢ়ীদিহিঙৰ দুয়োপাৰ সংযোগী ‘ জুবিন সেঁতু ‘ আজি মুকলি কৰাৰ বাবে সাজু গাঁওবাসী | এই বাঁহৰ দলংখনৰ পৰাই কেইবাখনো গাঁৱৰ ৰাইজে যাতায়তৰ বাবে সুবিধা লাভ কৰিব। ৰজাঘৰীয়াই কৰিব নোৱাৰা কাম কৰি দেখুৱালে নৈপৰীয়া ৰাইজে।
চৰকাৰে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো গুৰুত্ব নিদিয়াত ৰাইজে নিজেই সাজি উলিয়ালে ৩০০ ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলং ।
ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বুঢ়ীদিহিঙৰ দুইপাৰৰ ৰাইজে যোৱা ২৮ বছৰে যাতায়তৰ সুবিধাৰ বাবে এখন দলং নিৰ্মাণৰ বাবে দাবী জনাই আহিছে। কিন্তু কোনো এখন চৰকাৰে চেচুঘাট আৰু লেজাই-কলাখোৱা আদি অঞ্চলৰ ৰাইজৰ দাবীক গুৰুত্ব নিদিলে ।
অৱশেষত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত খোৱাং, লেজাই-কলাখোৱা আৰু বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰাইজে সাজি উলিয়ালে বাঁহৰ দলং খন । নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই দলং খনৰ ৰাইজে নাম দিছে ‘জুবিন সেঁতু’ হিচাপে ।
যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা এই দলং খন আজি মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে ।
উল্লেখ যে ১৯৬২ চনৰ পৰা চেচুঘাট আৰু লেজাই-কলাখোৱা সংযোগী বুঢ়ীদিঙৰ ওপৰত দলং নিৰ্মাণৰ বাবে চেচুঘাট পকীদলং বাইপাছ দাবী সমিতিয়ে দাবী জনাই আহিছিল ৷ তাৰ পিছতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে তেওঁৰ কাৰ্যকালৰ আৰম্ভণিতে দলংখন নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতিও দিছিল । কিন্তু সেয়া কেৱল ফাইলৰ মাজতে আবদ্ধ থকাৰ অভিযোগ ৰাইজৰ ।