তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল Credit: ইষ্ট ম'জ'

খুমটাই– বুধবাৰে খুমটাইত অসমৰ ভিতৰত সৰ্বোচ্চ স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই সন্দৰ্ভত তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে খুমটাই জিন্টু গগৈ স্মাৰকভৱনত সংবাদমেল সম্বোধন কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিবলগীয়া স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমুৰ্তিটো সামাজিক মাধ্যমত খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ লগতে বিজেপিৰ একাধিক কৰ্মীয়ে অসমৰ ভিতৰতে সৰ্বোচ্চ প্ৰতিমূৰ্তি বুলি দাবী জনাৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে।

খুমটাইত স্থাপন হোৱা চুকাফা প্ৰতিমুৰ্তিটোতকৈ নাজিৰাত স্থাপন হোৱা প্ৰতিমূৰ্তি হ’ব অসমৰ ভিতৰত সৰ্বোচ্চ স্বৰ্গদেউ চাওলুং চুকাফা প্ৰতিমূৰ্তি এই দাবী আটাছুৰ।

লগতে খুমটাই সমষ্টিৰ বহুকেইটা সমস্যা সমাধান কৰাৰো আহ্বান জনালে সংগঠনটোৱে। নিৰ্মীয়মান অৱস্থাত থকা ধনশিৰি নদীৰ ওপৰত স্থাপন কৰা দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ উপৰিও খুমটাই আদৰ্শ চিকিৎসালয়খন নিৰ্মাণত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ পাছতো চৰকাৰে গুৰুত্ব প্ৰদান নকাৰত ক্ষোভ প্ৰকাশ কৰিছে আটাছুৱে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply