নিউজ ডেস্ক– আজি মধ্য অসমৰ তিৱা জনগোষ্ঠী লোক সকলৰ মাঘ বিহু। মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো বুধবাৰে মাঘ বিহু পালন কৰে। যাকলৈ এতিয়া উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছে মধ্য অসমত ।
তিৱা সকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে-মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্যেশ্যৰে আয়োজন চলিছে মধ্য অসমৰ বিভিন্ন প্ৰান্তত ।
নগাঁও জিলাৰ কঠিয়াতলী আমগুৰি, নামবৰ আদি গাঁৱত পথাৰত ভেলাঘৰ সাজি গাঁৱৰ সকলো শিশু, বোৱাৰী জীয়াৰী, ডেকা বুঢ়া সকলোৱে এসাঁজ খাই বিহু গীত পৰিৱেশন কৰি মেজি ঘৰত জুই দি অগ্নিসেৱা কৰি বছৰটোৰ কাৰনে সকলোৰে মংগল কামনা কৰে।

প্ৰতি বছৰে তিৱা সকলে ভোগালী বিহুৰ দিনা মধ্যে অসমৰ নগাঁও, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শ শ ৰাইজ লগ হৈ একেলগে মাছ ধৰাৰ পৰম্পৰা চলি আহিছে। বিহুৰ দিনাখন পুৱাই হাতে হাতে জাকৈ, জাল, পল আদি লৈ মাংগলিক কাৰ্যসূচীৰ মাজেৰে বিলত নামি সমূহীয়াকৈ মাছ ধৰে তিৱা সম্প্ৰদায়ৰ লোকসকলে।তিৱা সকলৰ এই মাঘ বিহুৰ উৰুকা দিনা সমূহীয়া ভাবে মাছ ধৰি পৰম্পৰাগত ভাৱে ভেলাঘৰত সকলোৱে মিলি এসাঁজ গ্ৰহণ কৰে।