বৃক্কৰ ৰোগত ভুগিছে এগৰাকী প্ৰতিভাবান ৰাষ্ট্ৰীয় খেলুৱৈ

গোৰেশ্বৰ – বৰ্তমান বিটিএডিত সকলো ব্যস্ত বিটিচি নিৰ্বাচনক লৈ। সকলোকে লাগে বিটিচিৰ শাসন, ৰাইজৰ পদূলিয়ে পদূলিয়ে ৰাজনৈতিক দলৰ নেতা সকলৰ ভিৰ কিন্তু কোনো এগৰাকী ৰাজনৈতিক দলৰ নেতাৰ চকুত নপৰিল বৃক্কৰ ৰোগত ভুগি থকা এগৰাকী প্ৰতিভাবান ৰাষ্ট্ৰীয় খেলুৱৈ। ৰাজ্যৰ বাবে সুনাম কঢ়িয়াই অনা প্ৰতিভাবান খেলুৱৈৰ খবৰ ল’বলৈ আহৰি নাই কাৰোৱে। সেয়েহে সাধাৰণ কৃষক পৰিয়ালৰ এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈয়ে এতিয়া বিচনাতে দিন কটাবলগীয়া হৈছে।

বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডেফেলী মৌজাৰ নাওকাটা অঞ্চলৰ বেটাগাঁৱৰ এগৰাকী প্ৰতিভাবান যুৱতী মণিকা বড়ো। বাহিৰাম বড়ো আৰু প্ৰমিলা বড়োৰ কন্যা মণিকা বড়ো কেৱল এগৰাকী সাধাৰণ খেলুৱৈ নহয়, মণিকা বড়ো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেটবল খেলত কেবাবাৰো অসম ৰাজ্যৰ হৈ খেলি চেম্পিয়ন হোৱাৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনা এগৰাকী খেলুৱৈ। ২০১৩ চনত নবম শ্ৰেণীত পঢ়ি থকা সময়ৰে পৰা ক্ৰীড়া জগতৰ সৈতে জৰিত হৈ পৰা মণিকা বড়ো এতিয়া ৰোগীয়া।

অতি কম বয়সতে মণিকা বড়োৰ এটা বৃক্ক বিকল হৈ পৰে। বৃক্কৰ অসুখ হোৱা বুলি জনাৰ পিছত কৃষক পিতৃয়ে মাটি-বাৰীৰ লগতে সকলো সম্পত্তি বিক্ৰী কৰি আজিলৈ চিকিৎসা চলাই আছে ৰোগীয়া খেলৱৈ গৰাকীক কিন্তু সুস্থ হৈ উঠা নাই মণিকা বড়ো।মণিকা বড়োৰ চিকিৎসাত বৰ্তমানলৈকে দুখীয়া পিতৃ গৰাকীয়ে প্ৰায় আঠ লাখ টকা খৰচ কৰিলে যদিও মণিকা বড়ো সুস্থ হৈ নুঠাত চিন্তিত হৈ পৰিছে পৰিয়ালটোৰ লগতে গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থা আৰু বাক্সা জিলা নেটবল সন্থা। প্ৰতিভাবান খেলুৱৈ গৰাকীক সুস্থ কৰি তুলিবলৈ পাৰ্যমানে সকলোৱে চেষ্টা চলাইছে যদিও মণিকা সুস্থ হোৱা নাই। পুনৰ খেলাৰ হেঁপাহ থকা মণিকা বড়োৰ বাবে বাধাৰ প্ৰাচীৰ হৈ ঠিয় দিছে আৰ্থিক অনাটনে।

মণিকাই নেটবলৰ লগতে ফুটবল আৰু কাবাদী খেলতো সুনাম অৰ্জন কৰিছে। সেয়েহে অসমবাসী ৰাইজৰ লগতে ক্ৰীড়া সংগঠন, মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীৰ সহায় বিচাৰিছে পৰিয়ালটোৱে। মণিকা বড়োলৈ সহায় আগবঢ়াব বিচৰা লোক সকলে ষ্টেট বেংকৰ গোৰেশ্বৰ শাখাত থকা মণিকা বড়োৰ একাউন্ট নম্বৰ – ৩৪৫২৫৫২৮৫৭৮ , আইএচএফচি নম্বৰ- এচবিআইএন ০০১০৪১৩ লৈ অৰ্থ সাহাৰ্য প্ৰেৰণ কৰিব পাৰে। মণিকা বড়োৰ যোগাযোগ নম্বৰ- ৬০০৩৪ ০৩৮৯০ আৰু ৬০০১০ ৮৪৬৫২ তো যোগাযোগ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply