গুৱাহাটী- মঙলবাৰে অন্ত পৰিল বিটিএডিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ। কোকৰাঝাৰ আৰু চিৰাং জিলাত হ’ব বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। সোমবাৰে বাক্সা আৰু ওডালগুৰিত অনুষ্ঠিত বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনত ৭৭% ভোটাৰে ভোটগ্ৰহণ কৰা পাছত বিটিচি অন্তিম পৰ্যায়ৰ নিৰ্বাচন বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত ১০,২৩,৪০৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য়।কোকৰাঝাৰৰ ৫০৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
কোকৰাঝাৰত নিৰ্ণয় হ’ব ৭০গৰাকী প্ৰাৰ্থীৰ ভাগ্য।আনহাতে চিৰাঙত নিৰ্ণয় হব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইতিমধ্য়ে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণলৈ দুয়োখন জিলাৰে ৰাইজ সৰ্বতোপ্ৰকাৰে সাজু হৈ উঠিছে।