চিবিআইয়ে বেংক জালিয়াতিৰ গোচৰত ভিডিঅ’কনৰ অধ্যক্ষ বেণুগোপাল ধুতক গ্ৰেপ্তাৰ কৰিছে। বেণুগোপালৰ বিৰুদ্ধে আইচিআইচিআই বেংকৰ পৰা ৩,২৫০ কোটি টকাৰ ঋণ লৈ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

যোৱা সপ্তাহত চিবিআইয়ে এই গোচৰটোৰ সন্দৰ্ভত বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক চন্দা কোছাৰক গ্ৰেপ্তাৰ কৰিছিল। চন্দাৰ উপৰিও তেওঁৰ স্বামী দীপক কোছাৰকো কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই গ্ৰেপ্তাৰ কৰে। অৱশ্যে, দীপকক আগতে ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

আইচিআইচিআই বেংকৰ ঋণ জালিয়াতিৰ গোচৰটোৱে শেহতীয়াকৈ এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।  এজনৰ পিছত আন এজন গ্ৰেপ্তাৰ হোৱাত ঘটনাটোৱে এক নতুন ৰূপ লৈছে।

চিবিআইৰ অভিযোগ অনুসৰি চন্দা আৰু দীপকে চাৰি বছৰ পূৰ্বে বেণুগোপালৰ কোম্পানী ভিডিঅ’কনক ৩,২৫০ কোটি টকাৰ বৃহৎ ঋণ দিছিল। অৱশ্যে চন্দা আৰু তেওঁৰ স্বামী দীপকে কেন্দ্ৰীয় তদন্ত সংস্থাৰ দ্বাৰা উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে।

জানিব পৰা মতে, চন্দা কোছাৰ তিনি দশকৰো অধিক সময় ধৰি আইচিআইচিআই বেংকৰ সৈতে জড়িত হৈ আছে। কিন্তু অভিযোগবোৰ উত্থাপিত হোৱাৰ পিছত ২০১৮ৰ অক্টোবৰত বেংকে চন্দাক বৰ্খাস্ত কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply