ৰিমলী মহন্ত

গুৱাহাটী- ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজলালে গুৱাহাটীৰ ৰিমলী মহন্তই। ভাৰতৰ বিখ্যাত চেফ সঞ্জীৱ কাপুৰ, চেফ বিকি ৰটনানি, চেফ কুনাল কাপুৰৰ দ্বাৰা পৰিচালিত ‘India’s Most Prominent Food and Hospitality Awards-2020’ ৰ Best cookery & cake classes centreৰ সন্মান লাভ কৰে ৰিমলী মহন্তই ৷

মহানগৰীৰ উলুবাৰীৰ বাসিন্দা ৰিমলী কুকিং আৰু বেকিঙৰ এগৰাকী সুদক্ষ প্ৰশিক্ষকো। তেওঁৰ কুকিং আৰু বেকিঙৰ প্রশিক্ষণৰ এখন প্ৰতিষ্ঠানো আছে। এই প্রতিষ্ঠানত প্রশিক্ষণ গ্রহণ কৰি ইতিমধ্যে বহু যুৱক–যুৱতীয়ে নিজাকৈ এই ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হ’বলৈও সক্ষম হৈছে৷ উলুবাৰীতে ৰিমলীৰ এটা অত্যাধুনিক কেক ষ্টুডিঅ’ আছে।

অসমৰ বিভিন্ন প্রান্তত কুকিং আৰু বেকিঙৰ কর্মশালা আয়োজন কৰি এগৰাকী সফল আৰু জনপ্রিয় প্রশিক্ষক হিচাপে পৰিচিত হ’বলৈ সক্ষম হৈছে ৰিমলী ৷

‘ৰিমলী’জ গুৱাহাটী কুকিং এণ্ড বেকিং’ নামৰ এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ধৰণৰ কেক, কুকিজ, পাফ, পিজা আদি তৃপ্তিদায়ক খাদ্য প্রস্তুতকৰি ৰিমলীয়ে খাদ্য়ৰসিকৰ মন জয় কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,918 other subscribers

Leave a comment

Leave a Reply