বেটি বচাও বেটি পঢ়াও, ড্ৰাগছ মুক্ত সমাজ আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা লৈ চাইকেল যাত্ৰা

ৰঙিয়া – বেটি বচাও বেটি পঢ়াও, ড্ৰাগছ মুক্ত সমাজ আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা লৈ পাঞ্জাৱ পুলিচৰ দুই জোৱান আৰু হিমাচল প্ৰদেশৰ দুই যুৱকৰ চাইকেল যাত্ৰা। সুদূৰ আহমেদাবাদৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগলৈ ২৭০০ কিলোমিটাৰ জোৰা এই চাইকেল যাত্ৰা। ১১ নবেম্বৰৰ পৰা যাত্ৰা আৰম্ভ কৰা এই চাৰি চাইকেল আৰোহিক ৰঙিয়াত ঊষ্ম আদৰণি।

প্ৰভাতী কিৰণ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে মহান উদ্দেশ্য লৈ চাইকেল যাত্ৰা কৰা এই চাৰি চাইকেল আৰোহীক গছপুলি উপহাৰ দি তেওঁলোকক আদৰণি জনায়। চাইকেল আৰোহীকেইজনে এই গছপুলি জোপা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাঙিয়াৰ বালাগাঁৱত ৰোপণ কৰে। এই চাইকেল আৰোহী কেইজনৰ ভিতৰত আছে পাঞ্জাৱ পুলিচৰ দুই কনিষ্টবল ক্ৰমে চমনদ্বীপ কুমাৰ আৰু গুৰুসেৱক সিংহ আৰু হিমাচল প্ৰদেশৰ দুই যুৱক ক্ৰমে হেৰী ঠাকুৰ আৰু হুকুম দিৱানা।

চাইকেল আৰোহী কেইজনে জানিবলৈ দিয়া মতে বেটি বচাও বেটি পঢ়াও বাৰ্তাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে এই যাত্ৰাত চেষ্টা চলোৱা হৈছে। লগতে সমাজৰ বাবে বৰ বিষস্বৰূপ হৈ পৰা এখন ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ উপৰিও ভয়াবহ প্ৰদূষণৰ বাবে বিনষ্ট হোৱা পৰিৱেশ কি দৰে প্ৰদূষণ মুক্ত কৰি এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পৰা যায় সেই লৈয়ো ৰাইজৰ মাজত প্ৰচাৰ চলায় চাইকেল আৰোহী কেইজনে।

মহান উদ্দেশ্যে লৈ চলাইকে যাত্ৰা আৰম্ভ কৰা চাইকেল আৰোহী কেইজন ৰঙিয়াত উপস্থিত হোৱাত ৰঙিয়াবাসী বহু ৰাইজ ৰাজপথলৈ ওলাই আহি চলাইকে আৰোহী কেউজনক উৎসাহিত কৰা পৰিলক্ষিত হয়। ৰঙিয়াৰ পৰা চাইকেল আৰোহি কেইজনে পোনে পোনে গহপুৰ হৈ ইটানগলৈ যাব বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply