বোকাজান আৰক্ষীৰ জালত পিষ্টল সহ দুই যুৱক আটক

বোকাজান: বোকাজানৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান অঞ্চলত আৰক্ষীয়ে আটক কৰিছে দুই যুৱকক । আটক কৰা যুৱক দুজনে বহিঃৰাজ্যৰপৰা পিষ্টল বিক্ৰীৰ বাবে আহিছিল |

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত যোৱা অভিযান কাৰী দলটোৱে আটক কৰে দুই ধৃত যুৱকক ।যুৱক দুজনৰ পৰা এটা 7.65 পিষ্টল দুই জাই সজীৱ গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে ।

ধৃত দুই যুৱক ক্ৰমে ডিমাপুৰৰ ৰোহন প্ৰধান আৰু লাকি প্ৰধান । আৰক্ষী সুত্ৰই জনোৱা মতে যুৱক দুজনে পিষ্টলটো বিক্ৰীৰ উদ্দেশ্যে লৈ অহা হৈছিল বুলি জনায়। বোকাজান আৰক্ষীয়ে বিষয়টোক লৈ তদন্ত অব্যাহত ৰাখিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply