নগাঁও – এগৰাকী ব্যৱসায়ীৰ ভুলৰ বাবেই নগাঁৱত ভয়াবহ পথ দুৰ্ঘটনা। পথৰ ওপৰতে ব্যৱসায়ী জনে পাৰ্কিং কৰে তিনিখনকৈ ট্ৰাক। ট্ৰাকত তীব্ৰ বেগী বাইকে খুন্দা মৰাত এজন নিহত, অন্য এজন আহত।
নগাঁও চহৰৰ লাওঁখোৱা ৰোডত মঙলবাৰে সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। ৰাজপথৰ ওপৰতে ৰখাই থোৱা ট্ৰাকৰ বাবাই সংঘটিৰ হয় এই দুৰ্ঘটনা। পথৰ ওপৰত ৰখাই থোৱা এএছ-০২চি-৭৭৫২ নম্বৰৰ ট্ৰাকত এখন বাইকে তীব্ৰ বেগেৰে খুন্দা মৰাত বাইকখনত থকা এজন লোক থিতাতে নিহত হোৱাৰ লগতে অন্য এজন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।
দুৰ্ঘটনাত মিঠু পাল নামৰ এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে বাপ্পী ঘোষ নামৰ গুৰুতৰভাৱে আহত লোক জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সকলো নীতি নিয়ম ভৰিৰে মোহাৰি লাওঁখোৱা ৰোডৰ ব্যৱসায়ী কাৰ্তিক সাহাই নিজ ইচ্ছামতে পথৰ ওপৰত ট্ৰাক পাৰ্কিং কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। ব্যৱসায়ী কাৰ্তিক সাহাৰ ভুলৰ বাবেই এই ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
আনহাতে লাওঁখোৱা ৰোডত ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই নগাঁও আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী দল ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে পথৰ ওপৰত ৰখাই থোৱা কাৰ্তিক সাহাৰ তিনিখনকৈ ট্ৰাক জব্দ কৰে।