গুৱাহাটী – ব্রহ্মপুত্রৰ পাৰত কালি এটা বৃহদাকাৰ শিৱ লিংগ উদ্ধাৰ হয়৷ পৌৰ নিগমৰ চাফাই কর্মীয়ে জাবৰ পৰিষ্কাৰ কৰি থকা সময়তেই লাচিত ঘাটৰ সমীপত জাবৰৰ দ’মৰ মাজত শিৱ লিংগটো উদ্ধাৰ হয়৷

শিৱ লিংগটো উদ্ধাৰৰ পাছতেই একাংশ লোকে চাবলৈ ভিৰ কৰাৰ লগতে পূজা-অর্চনাও কৰে৷ কিন্তু ব্রহ্মপুত্রৰ পাৰলৈ লিংগটো ক’ৰ পৰা আহিল, সেইক্ষেত্রত ৰহস্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে প্রাথমিক তদন্ত আৰম্ভ কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply