ব্ৰহ্মপুত্ৰ নদীত নাওঁ দুর্ঘটনা : মহিলা আৰু শিশুসহ সন্ধানহীন বহু

যোৰহাট – যোৰহাটত সংঘটিত হৈছে শোকবাহ দুর্ঘটনা। যোৰহাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে নাওঁ দুর্ঘটনা। মহিলা আৰু শিশুসহ সন্ধানহীন বহু লোক।

গণৰাজ্য দিৱসৰ দিনাই যোৰহাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এক ভয়াবহ নাওঁ দুর্ঘটনা। বনভোজ খাবলৈ যোৱা এখন নাওঁ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত পতিত হোৱা নাওঁখনত প্ৰায় ১২-১৩ জন লোক আছিল বুলি জানিব পৰা গৈছে।

বনভোজ খাবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা নাওঁখনত থকা মহিলা আৰু শিশুসহ বহু লোক সন্ধানহীন হৈ আছে। জানিব পৰা মতে চাৰি গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা লোক সকলৰ ভিতৰত এগৰাকী মহিলা আৰু তিনি গৰাকী শিশু।

ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা উদ্ধাৰ কৰা সকলোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। বনভোজ খাবলৈ যোৱা দলটো যোৰহাটৰ পুৰণি বালিবাটৰ বুলি জানিব পৰা গৈছে। দলটো বাঘমৰালৈ বনভোজ খাবলৈ গৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply