গোৰেশ্বৰ – বড়োভূমিত অব্যাহত আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা। ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীৰ আগমনৰ প্ৰাকক্ষনত গোৰেশ্বৰত কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সমগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ।
বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। এইবাৰ বড়োভূমি দখল কৰিবলৈ উঠি-পৰি লাগিছে শাসকীয় বিজেপি দল। বিজেপি দলৰ মন্ত্ৰী নেতা সকলে তীব্রতৰ কৰি তুলিছে বড়োভূমিত প্ৰচাৰ অভিযান। বিশেষকৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিটিচিত এটাৰ পিছত আনটো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজক বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলাই গৈছে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালে যদি বিটিচি বাসী ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে আনফালে আকৌ মন্ত্ৰী গৰাকী প্ৰতিদিনে সন্মুখীন হ’বলগীয়া হৈছে প্ৰতিবাদৰ। শুকুৰবাৰে বক্সা জিলাৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিত বিজেপিৰ এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহন কৰাৰ কথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰী গৰাকীৰ আগমনক কেন্দ্ৰ কৰি গোৰেশ্বৰত পুনৰ দেখিবলৈ পোৱা গ’ল বিৰোধ। মন্ত্ৰী গৰাকীৰ আগমনৰ বিৰুদ্ধে গোৰেশ্বৰৰ ৰাজপথত দুয়োটাকৈ সংগঠনে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, “কা” আৰু ইআইএ বাতিল কৰাৰ দাবীত কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সমগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে ৪ ডিছেম্বৰৰ আবেলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰৰ বাবে গোৰেশ্বৰত পদযাত্ৰা কৰিব৷