গুৱাহাটী – অসম কেবিনেটে বুধবাৰে এক বিশেষ সিদ্ধান্তযোগে বড়ো ভাষাক ৰাজ্যখনৰ সহযোগী ৰাজ্যভাষা হিচাপে ঘোষণা কৰে।
উল্লেখ্য যে কেন্দ্ৰত বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ নটাকৈ মাহ পিছত বড়ো ভাষা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই এক বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ সময়তে এই চুক্তিত উল্লেখ আছিল সংশ্লিষ্ট ভাষাটো ৰাজ্যৰ সহযোগী ৰাজভাষা হিচাপে ঘোষণা কৰাৰ দিশটো। এই চুক্তিত ৰাজ্য চৰকাৰৰ লগতে চাৰিটাকৈ বিদ্ৰোহী সংগঠন, দুটা বড়ো সংগঠনেও স্বাক্ষৰ কৰিছিল।
ইয়াৰ উপৰিও বড়ো কছাৰী স্বায়ত্ত্ব শাসিত কল্যাণ পৰিষদ সন্দৰ্ভতো কালিৰ কেবিনেট বৈঠকত আলোচনা কৰা হয়।
ষষ্ঠ অনুসূচীৰ বাহিৰত বসবাস কৰা বড়ো জনজাতিৰ লোকসকলৰ কল্যাণৰ বাবে বড়ো কছাৰী স্বায়ত্বশাসিত কল্যাণ পৰিষদ গঠনত অনুমোদন জনোৱা হয় কেবিনেট বৈঠক৷